নাজিৰা: নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ উদ্যোগত তথা স্থানীয় দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাইজৰ সহযোগত অসমৰ সোণালী কন্যা, অসম গৌৰৱ লাভলীনা বৰগোহাঁইক নাজিৰাত এক গৌৰৱময় অভিনন্দন অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয়।
লাভলীনা বৰগোহাঁইৰ সাফল্যই সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অসমৰ নাম উজলাই তোলা লাভলীনাৰ এই সাফল্য ৰাজ্যখনৰ যুৱপ্ৰজন্মৰ বাবে এক বিশেষ প্ৰেৰণাৰ উৎস।
অনুষ্ঠানৰ জৰিয়তে লাভলীনাৰ প্ৰতি আন্তৰিক অভিনন্দন আৰু সন্মান জ্ঞাপন কৰাৰ লগতে অসম চৰকাৰৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ প্ৰচেষ্টাই অনাগত দিনত লাভলীনাৰ দৰে আৰু বহু প্ৰতিভাৱান খেলুৱৈক আগুৱাই নিয়ক বুলি আশা প্ৰকাশ কৰা হয়। অসমৰ প্ৰতিভাই যাতে বিশ্বৰ বুকুত ৰাজ্যখনৰ নাম অধিক উজলাই তুলিব পাৰে, তাৰ বাবে ক্ৰীড়াৰ উপযুক্ত পৰিৱেশ আৰু প্ৰতিভা বিকাশৰ সুযোগ সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
অসমৰ গৌৰৱ আৰু সোণালী কন্যা লাভলীনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত আৰু অনাগত দিনৰ সফলতাৰ বাবে শুভকামনা জ্ঞাপন কৰা হয়।
