অসমৰ বাবে পুনৰ গৌৰৱৰ খবৰ কঢ়িয়াই আনিছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী সাহান গাঁৱৰ এগৰাকী কণমানি প্ৰতিভা দীক্ষা ডেকাই। বাংলাদেশত অনুষ্ঠিত দ্বিতীয় দক্ষিণ এছিয়ান কাৰাটে কাপ চেম্পিয়নশ্বিপত অসাধাৰণ প্ৰদৰ্শন আগবঢ়াই মহিলা +৪০ কেজি শাখাত ৰূপৰ পদক লাভ কৰি ৰাজ্যখনলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁ।
প্ৰতিযোগিতাখনত দক্ষিণ এছিয়াৰ বিভিন্ন দেশৰ দক্ষ খেলুৱৈসকলৰ মাজত সাহস, আত্মবিশ্বাস আৰু দক্ষতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি দীক্ষাই ফাইনেললৈ অগ্ৰসৰ হয়। কঠিন প্ৰতিদ্বন্দ্বিতাৰ মাজতো উজ্জ্বল প্ৰদৰ্শনৰে তেওঁ ৰূপৰ পদক দখল কৰি পুনৰবাৰৰ বাবে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে।
দীক্ষাৰ এই উল্লেখযোগ্য সাফল্যই তেওঁৰ পৰিয়াল, শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয়ৰ সহপাঠী তথা সমগ্ৰ বাইহাটা চাৰিআলি অঞ্চলবাসীক গৌৰৱান্বিত কৰি তুলিছে। বিভিন্ন সামাজিক সংগঠন, ক্ৰীড়াপ্ৰেমী আৰু শুভাকাংক্ষীসকলে দীক্ষাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সফলতা অৰ্জনৰ শুভকামনা জনাইছে।
উল্লেখ্য যে, দীক্ষা ডেকা শিঙাৰপাৰা পাতিদৰং হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী। অতি কম বয়সতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিকভাৱে কৃতিত্ব প্ৰদৰ্শন কৰি তেওঁ অসমৰ ক্ৰীড়া জগতৰ এক উজ্জ্বল সম্ভাৱনাময় মুখ হিচাপে আত্মপ্ৰকাশ কৰিছে। উপযুক্ত প্ৰশিক্ষণ, সহযোগিতা আৰু চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰিলে দীক্ষাই ভৱিষ্যতে দেশৰ হৈ বিশ্বমঞ্চতো সফলতা অৰ্জন কৰিব বুলি ক্ৰীড়ামহলে আশা প্ৰকাশ কৰিছে।
অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে কামৰূপৰ কণমানি প্ৰতিভা দীক্ষা ডেকাই।
