বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চাপৰ আৰক্ষী থানাৰ অধীনস্থ শালকোছা আৰক্ষী আউটপোষ্টৰ অন্তৰ্গত খেৰডুবিত সাংস্কৃতিক সন্ধিয়াৰ নামত ব্যাপকভাৱে জুৱা খেলৰ বেহা চলি আছে। বিলাসীপাৰা সমজিলা প্ৰশাসন, চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC) আৰু শালকোছা আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াক বাৰ বাৰ অৱগত কৰা সত্ত্বেও কিয় এতিয়ালৈকে এই জুৱা বেহা বন্ধ কৰিব পৰা নাই।
ধনৰ বিনিময়ত এই অবৈধ কাৰ্যকলাপক ৰক্ষণাবেক্ষণ দি আছে নেকি,
এনে অবৈধ কাৰ্যকলাপে অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে যুৱপ্ৰজন্মৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা আছে।
