অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ABVP তামুলপুৰ জিলাৰ অন্তৰ্গত বাগানপাৰা শাখাৰ উদ্যোগত বৰ্তমান উজনি অসমত বিৰাজ কৰা ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বান সাহায্য সংগ্ৰহ অভিযান আৰম্ভ কৰা হৈছে।
শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত প্ৰচণ্ড বৰষুণ আৰু ব্ৰহ্মপুত্ৰ তথা ইয়াৰ উপনদীসমূহৰ পানী বৃদ্ধিৰ ফলত হাজাৰ হাজাৰ পৰিয়াল বানপানীত আবদ্ধ হৈ পৰিছে। বহু অঞ্চলত খোৱাপানী, খাদ্য আৰু ঔষধৰ তীব্ৰ নাটনি দেখা দিছে। ঘৰ-বাৰী হেৰুৱাই অসংখ্য লোক ৰাজহুৱা স্থান আৰু ত্ৰাণ শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। এই দুৰ্যোগৰ সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় দিয়াৰ উদ্দেশ্যৰে ABVP বাগানপাৰা শাখাই এক মানৱীয় উদ্যোগ হাতত লৈছে।
সোমবাৰে বাগানপাৰা শাখাৰ কৰ্মকৰ্তা সকলে নয়াবস্তি বজাৰত উপস্থিত হৈ স্থানীয় ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ পৰা বান সাহায্য সংগ্ৰহ কৰে। বজাৰ ব্যৱসায়ী সকলে অতি আগ্ৰহেৰে এই অভিযানত সহায়ৰ হাত আগবঢ়ায় আৰু বানপীড়িতৰ দুখত সমবেদনা প্ৰকাশ কৰে।
ABVP বাগানপাৰা শাখাৰ তৰফৰ পৰা জনোৱা মতে, সংগ্ৰহ কৰা সাহায্য অতি সোনকালে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হ’ব। লগতে প্ৰয়োজনত স্বেচ্ছাসেৱক দলো প্ৰেৰণ কৰাৰ পৰিকল্পনা আছে।
শাখাৰ সম্পাদকে কয়, “এয়া কেৱল এটা সংগঠনৰ কাম নহয়, এয়া মানৱতাৰ কাম। এই দুৰ্যোগৰ সময়ত আমি সকলোৱে একেলগে থিয় নিদিলে বানপীড়িত ৰাইজে অতি কষ্ট পাব। সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকক আমি সহায়ৰ বাবে আহ্বান জনাইছো।”
বানপীড়িত ৰাইজৰ দুখত ভাগ ল’বলৈ ABVP বাগানপাৰা শাখাই ভৱিষ্যতেও এনে সেৱামূলক কাম অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতি দিয়ে। স্থানীয় ৰাইজেও এই মহৎ উদ্যোগক শলাগ লৈছে।
