ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন কৰা ২০০ গৰাকী খেলুৱৈ আৰু প্ৰশিক্ষকক সম্বৰ্ধনা
শতবৰ্ষ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান ২৮ ছেপ্টেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।
জালান আউটডৰ ষ্টেডিয়ামৰ বাকৰিত অনুষ্ঠিত হোৱা এই বঁটা বিতৰণী অনুষ্ঠানত ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলক সন্মান জনোৱা হয়।
এথলেটিকছ, বেডমিণ্টন, টেবুল টেনিছ, ক্ৰিকেট, বক্সিং, ভলীবল আৰু ফুটবলকে ধৰি বিভিন্ন ক্ৰীড়া বিভাগৰ মুঠ ২০০ গৰাকী খেলুৱৈৰ লগতে প্ৰশিক্ষকক বঁটা প্ৰদান কৰি উৎসাহিত কৰা হয়।
ক্ৰীড়াক্ষেত্ৰত ডিব্ৰুগড় জিলাৰ প্ৰতিভাৱান খেলুৱৈসকলৰ এই সাফল্যই জিলাখনৰ ক্ৰীড়া জগতলৈ নতুন আশাৰ সঞ্চাৰ কৰিছে। অনুষ্ঠানত খেলুৱৈসকলক ভৱিষ্যততো অধিক সফলতা অৰ্জনৰ বাবে উৎসাহিত কৰা হয়।
