আজিৰ বিশাল সমাৱেশত ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু উৎসাহ-উদ্দীপনাই আমাক গভীৰভাৱে উৎসাহিত কৰিলে। মাননীয় মুখ্যমন্ত্ৰী প্ৰতি ৰাইজৰ এই অকুণ্ঠ মৰম আৰু এন ডি এ-ৰ প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা প্ৰতি আগবঢ়োৱা সমৰ্থনে আমাৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে

  •  

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ এন ডি এ মনোনীত প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা সমৰ্থনত আজি ৰহা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত ‘বিজয় সংকল্প সমাৱেশ’ত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণ কৰি ৰহাবাসীৰ মনত নতুন উদ্যম আৰু শক্তিৰ সঞ্চাৰ কৰিলে।

 

আজিৰ বিশাল সমাৱেশত ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু উৎসাহ-উদ্দীপনাই আমাক গভীৰভাৱে উৎসাহিত কৰিলে। মাননীয় মুখ্যমন্ত্ৰী প্ৰতি ৰাইজৰ এই অকুণ্ঠ মৰম আৰু এন ডি এ-ৰ প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা প্ৰতি আগবঢ়োৱা সমৰ্থনে আমাৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে।

 

উন্নয়ন, প্ৰগতি আৰু জনকল্যাণৰ ধাৰা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাইজৰ আশিসক সাৰোগত কৰি আমি ঐক্যবদ্ধভাৱে আগুৱাই যাম। নগাঁও লোকসভা সমষ্টিৰ সৰ্বাংগীণ উন্নয়ন আৰু ৰাইজৰ স্বাৰ্থক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি নিষ্ঠা আৰু কৰ্মশক্তিৰে সেৱা আগবঢ়াই যোৱাই আমাৰ সংকল্প।

 

এই সমাৱেশত অসম চৰকাৰৰ  মন্ত্ৰী শ্ৰী কেশৱ মহন্ত পিযুষ হাজৰীকা শ্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, শ্ৰীযুতা নীলিমা দেৱী  কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মাননীয় বিধায়ক শ্ৰী তুলিৰাম ৰংহাং ডাঙৰীয়া, মাননীয় বিধায়ক শ্ৰী প্ৰদ্যুৎ বৰদলৈ শ্ৰী প্ৰকাশ দাস  সমন্বিতে এন ডি এ-ৰ নেতৃবৰ্গ উপস্থিত থাকে।

 

Leave a Reply

BP NEWS Live
Logo Monday, 5 October 2026
Login / Register