নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী ৰণকৌশল, সাংগঠনিক প্ৰস্তুতি আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আজি ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ কাৰ্যালয়ত অনুষ্ঠিত নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ বৈঠকত উপস্থিত থাকোঁ।
উপ-নিৰ্বাচনটোত বিজয় নিশ্চিত কৰাৰ বাবে সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাপনাক সুসংগঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সক্ৰিয় অংশগ্ৰহণ আৰু ঐক্যবদ্ধ প্ৰচেষ্টাৰে নিৰ্বাচনী প্ৰচাৰ অধিক শক্তিশালী কৰি লক্ষ্যত উপনীত হোৱাৰ বাবে মনোনিবেশ কৰি যাবলৈ আমি সংকল্পবদ্ধ ৷
