ছয়গাঁও, ১৮ আগষ্ট: ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২৯ আগষ্ট, শনিবাৰে অনুষ্ঠিত হ’ব বিশেষ অধিৱেশন। ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।
অধিৱেশনত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিন্দিশা দেৱী উপস্থিত থাকিব বুলি আয়োজকসকলে প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তুলিব বুলি আশা কৰা হৈছে।
ছাত্ৰ সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ অধিৱেশনত ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজকসকলে। অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলোৰে সহযোগিতা আহ্বান জনোৱা হৈছে।
