নাজিৰাৰ বানপীড়িতৰ কাষত আপৰ ৰাষ্ট্ৰীয় নেতা সঞ্জয় সিং

নাজিৰাত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ কাষত আজি উপস্থিত হয় আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং। বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাংসদগৰাকীয়ে বানপানীত প্ৰাণ হেৰুওৱা নিৰুপমা দুৱৰা আৰু নিশাৰাণি দুৱৰাৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল দুটাৰ সৈতে মতবিনিময় কৰে আৰু সমবেদনা জ্ঞাপন কৰে।

সাংসদ সঞ্জয় সিঙে বানপানীৰ ফলত নাজিৰা তথা অসমৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ বুজ লয়। তেওঁ বানপীড়িত লোকসকলৰ সমস্যাসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি দীৰ্ঘম্যাদী সমাধানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে প্ৰতি বছৰে বানপানীৰ ফলত অসমৰ জনসাধাৰণে ব্যাপক ক্ষয়-ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। সেয়ে কেৱল সাময়িক সাহায্য প্ৰদান কৰাই নহয়, বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমন্বিতভাৱে এক ফলপ্ৰসূ পৰিকল্পনা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।

সাংসদগৰাকীৰ এই ভ্ৰমণৰ সময়ত স্থানীয় ৰাইজ তথা বানপীড়িত লোকসকলে তেওঁলোকৰ বিভিন্ন সমস্যা আৰু ক্ষয়-ক্ষতিৰ বিষয়েও অৱগত কৰে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register