মিৰ্জাৰ পৰা ৰামপুৰলৈ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশত দেখা দিয়া বেয়া পথৰ অৱস্থাই এতিয়া যাতায়াতকাৰীসকলক জ্বলা-কলা খুৱাইছে। বহু ঠাইত পথৰ পৃষ্ঠ ভাগি যোৱা, গাঁত সৃষ্টি হোৱা আৰু পথৰ কাষৰ অংশ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত সাধাৰণ ৰাইজে নিতৌ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।
বিশেষকৈ মিৰ্জাৰ পৰা ৰামপুৰ অভিমুখী পথছোৱাত যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়ত পথৰ দুৰৱস্থাই সমস্যাক অধিক জটিল কৰি তুলিছে। গাঁতসমূহৰ বাবে সৰু-বৰ বাহন চলাচলত চালকসকলে সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। ফলত বহু সময়ত যান-জঁটৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি পথছোৱাৰ বিভিন্ন অংশত মেৰামতিৰ প্ৰয়োজন হৈ আছে। পথৰ এনে অৱস্থাৰ বাবে বিশেষকৈ দুটা চকীয়া বাহন, অট’ৰিক্সা আৰু যাত্ৰী কঢ়িওৱা বাহনৰ চালকসকলে অধিক সমস্যাৰ সন্মুখীন হৈছে। বৰষুণৰ সময়ত পথৰ গাঁতত পানী জমা হোৱাত গাঁতৰ গভীৰতা বুজি পোৱাটোও কঠিন হৈ পৰে।
ইফালে, পথছোৱাৰ দুৰৱস্থাই স্থানীয় ব্যৱসায়ী আৰু দৈনিক যাতায়াত কৰা লোকসকলকো প্ৰভাৱিত কৰিছে। ৰাইজৰ মতে, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথটো অঞ্চলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ পথ। প্ৰতিদিনে এই পথেদি বহু সংখ্যক লোক বিভিন্ন কামত অহা-যোৱা কৰে। সেয়েহে পথটো শীঘ্ৰে পৰ্যায়ক্ৰমে মেৰামতি কৰি সুচল যাতায়াতৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন হৈছে।
স্থানীয় ৰাইজে সংশ্লিষ্ট ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু প্ৰশাসনক বিষয়টো গুৰুত্বসহকাৰে লৈ মিৰ্জাৰ পৰা ৰামপুৰলৈ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতিগ্ৰস্ত অংশসমূহ পৰিদৰ্শন কৰি জৰুৰীভাৱে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
ৰাইজৰ আশা—শীঘ্ৰে পথছোৱাৰ মেৰামতি সম্পূৰ্ণ কৰি নিৰাপদ আৰু সুচল যাতায়াতৰ পৰিৱেশ গঢ়ি তোলা হ’ব।
