মানৱীয় দায়বদ্ধতাৰে আজি বঢ়মপুৰ সমষ্টিৰ পাঁচটি মণ্ডল পৰ্যায়ৰ সংগঠনে (CLF) মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বানত ক্ষতিগ্ৰস্ত উজনি অসমৰ লোকসকল

বানপীড়িত জনসাধাৰণৰ কাষত থিয় দিয়াটো আমাৰ সকলোৰে নৈতিক দায়িত্ব।

এই মানৱীয় দায়বদ্ধতাৰে আজি বঢ়মপুৰ সমষ্টিৰ পাঁচটি মণ্ডল পৰ্যায়ৰ সংগঠনে (CLF) মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বানত ক্ষতিগ্ৰস্ত উজনি অসমৰ লোকসকলৰ সহায়াৰ্থে মুঠ ₹৩,০০,০০০ টকাৰ অনুদান আগবঢ়ায়।

ইয়াৰ উপৰিও কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক শ্ৰী অৰবিন্দ চৌধুৰী ডাঙৰীয়াই ১০ হাজাৰ টকা, পুৰণিগুদাম মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আছিকুৰ ৰহমান ডাঙৰীয়াই ১৬ হাজাৰ টকা আৰু বঢ়মপুৰ সমষ্টিৰ হালোৱাগাঁও পঞ্চায়তৰ সমূহ ৰাইজৰ তৰফৰ পৰা হালোৱা গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী প্ৰশান্ত বৰা ডাঙৰীয়াই ১৬ হাজাৰ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান হিচাপে আগবঢ়াই এই মহৎ কাৰ্যত অংশগ্ৰহণ কৰে।

এই মানৱীয় পদক্ষেপত আগবাঢ়ি অহা সকলো দাতা, সংগঠন আৰু শুভাকাঙ্ক্ষীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই মহানুভৱতা আৰু সামাজিক দায়বদ্ধতাৰ মনোভাৱে দুৰ্যোগৰ সময়ত অসহায় লোকসকলৰ বাবে আশাৰ পোহৰ কঢ়িয়াই আনিব।

অনুদান আগবঢ়োৱা CLF সমূহ ক্ৰমে-

আইদেউ সন্দিকৈ মণ্ডল পৰ্য্যায় সংগঠন ভোগেশ্বৰী ফুকননী মণ্ডল পৰ্য্যায় সংগঠন
ইন্দিৰা গোস্বামী মণ্ডল পৰ্য্যায় সংগঠন
ত্ৰিবেণী মণ্ডল পৰ্য্যায় সংগঠন
নাৰী শক্তি মণ্ডল পৰ্য্যায় সংগঠন

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register