স্বাৱলম্বীৰ নতুন পথ গো-পালনঃ এটা অঞ্চলৰ পৰা প্ৰতিদিনে প্ৰায় ৬০ হাজাৰ লিটাৰতকৈ অধিক গাখীৰ উদপাদনঃ চৰকাৰৰ সহায় বিচাৰি গো-পালকৰ আহ্বানঃ
বৰ্তমান প্ৰায় প্ৰতিঘৰ মানুহ শিক্ষাৰ প্ৰতি আগ্ৰহী হৈছে। লৰা ছোৱালীক যে শিক্ষিত কৰিব লাগিব সেয়া প্ৰায় সকলো ঘৰৰ লোকেই একান্ত ভাৱে প্ৰচেষ্টা চলাই আছে। যাৰ বাবে প্ৰতি বছৰে লাখ লাখ লৰা-ছোৱালী শিক্ষিত হৈ ওলাই আহিছে। কিন্তু মনকৰিবলগীয়া কথা হল যে সেই অনুপাতে কৰ্মসংস্থাপন পোৱা নাই। তাৰ মাজতে নিজৰ অপ্ৰতিৰোধ্য প্ৰচেষ্টাৰ ফলত কিছু সংখ্যকে বিভিন্ন পৰ্যায়ত নিযুক্তি পাবলৈ সক্ষম হৈছে। বাকী কিছু সংখ্যক শিক্ষিত লৰা – ছোৱালীয়ে আন আন বিভিন্ন কৰ্মত নিয়োজিত হয়। উদাহৰণ স্বৰূপে বৃহত্তৰ শৌলমাৰী, নাম্বাৰপাৰা, গোলাপাৰা, কীৰ্ত্তনপাৰা, চাকলা, বাংলাপাৰা, গণবিন্যা, কোকিলা, জপেয়া, মূলবাৰীকে আদি কৰি এই অঞ্চল সমূহৰ শিক্ষিত অধিকাংশ নিৱনুৱা চাকৰীৰ আশা বাদ দি গো- পালনত মনোনিবেশ কৰা পৰিলক্ষিত হৈছে। বহু জনে চাকৰীৰ আশা বাদ দি ঘৰতে উন্নতমানৰ গাই গৰু পুহি পৰিয়াল পোহ পাল দিছে। এই বৃহত্তৰ অঞ্চলৰ পৰাই প্ৰতিদিনে বিক্ৰী কৰা হয় হাজাৰ হাজাৰ লিটাৰ গাখীৰ। এই উন্নত মানৰ গাই গৰু পুহি বহু পৰিয়াল ইতিমধ্যে স্বাবলম্ভী হোৱাৰ উদাহৰণ আছে। এটা উন্নত গাই গৰুৰ পৰা ১০ ৰ পৰা আৰম্ভ কৰি ২০-২৫ লিটাৰকৈ গাখীৰ দিয়ে বুলি গো – পালক সকলে জানিব দিয়ে। বহু পৰিয়ালত তেনেকুৱা গাখীৰ দিয়া গৰু ১৫/২০ টা কৈও গৰু আছে। এক লিটাৰ গাখীৰৰ দাম ৫০ ৰ পৰা ৭০ টকালৈকে হয়। তেন্তে যদি তেনে গৰু ১২ টা ১৫ টা মান গাই গৰু যদি কাৰোবাৰ থাকে তাৰ পৰা নিশ্চয় অনুমান কৰিব পৰা যায় যে সেই পৰিয়ালটো স্বাভলম্ভী হবলৈ বেছি দিন নালাগে। বিভিন্ন জনে বেংকৰ পৰা ঋণ লৈ এই প্ৰজাতিৰ গাই পুহি অধিক লাভৱান হৈছে বুলি জানিব পৰা গৈছে। বঙাইগাঁও জিলাৰ বহু পৰিয়াল ইতিমধ্যে স্বাভলম্বী হৈ অৰ্থনৈতিক দিশত টনকিয়াল হৈছে। পুৱাতে এবাৰ গৰুক গা ধুৱাই গাঁৱৰ গো – পালক সকলে খীৰাই লৈ গাখীৰ খিনি এটা গাখীৰ সংগ্ৰহ কেন্দ্ৰ লৈ যায়। য’ত গাখীৰৰ দাম নিৰ্ধাৰণ কৰা হয় কম্পিউটাৰৰ জড়িয়তে পৰীক্ষা কৰি। বিভিন্ন জনৰ ১ লিটাৰ গাখীৰৰ দাম ভিন্ন ভিন্ন হয়। দিনটো দানা, চাপট, ঘাঁহ আদি খুৱাই পুনৰ আৱেলি গা ধুৱাই খীৰাই লৈ সেই গাখীৰ সংগ্ৰহ কেন্দ্ৰলৈ লৈ যায়। কোনোবাই ছাইকেলেৰে, কোনোবাই ঠেলাৰে, কোনোবাই মটৰ চাইকেলেৰে গাখীৰৰ টেংক সমূহ লৈ যায়। সন্ধিয়া পুনৰ সেই গাখীৰ সংগ্ৰহ কেন্দ্ৰবোৰে আৱেলি জমা হোৱা গাখীৰ খিনি কোকিলাত থকা দুগ্ধ শীতলীকৰণ কেন্দ্ৰ লৈ লৈ যায়। তাতে শীতলীকৰণ কৰি পুনৰ সেই গাখীৰ নিৰ্দ্দিষ্ট কোম্পানী যেনে আমুল, পূৰবী আদিলৈ লৈ প্ৰেৰণ কৰে। এনেদৰে প্ৰতিদিনে এই বৃহত্তৰ অঞ্চলৰ পৰা প্ৰায় ৬০-৬৫ হাজাৰ লিটাৰ গাখীৰ উৎপাদন কৰা হয়। অনাগত দিনত এই অঞ্চলৰ পৰা আৰু অধিক গাখীৰ উৎপাদন হব বুলি ধাৰণা কৰা হৈছে। কাৰণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে গো-পালকৰ সংখ্যা। এই গো – পাালক সকলোক চৰকাৰে সহায় কৰিলে নিবনুৱা সমস্যা সমাধানৰ লগতে অৰ্থনৈতিক দিশতো যথেষ্ট আগবাঢ়িব বুলি বিভন্ন জনে জানিব দিয়ে। কোকিলাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কৃষক মন্তাজ আলীয়ে পৰবৰ্তী সময়ত আমুল কোম্পানীৰ সৈতে যোগাযোগ কৰি দুগ্ধ শীতলীকৰণ গৃহ নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলৰ গাখীৰ সমূহ জমা ৰখাৰ ব্যৱস্থা কৰে আৰু। এতিয়া গুৰুত্বপুৰ্ণ কথা টো হল যে যি অঞ্চলৰ পৰা দিনে প্ৰায় ৫০ হাজাৰ লিটাৰ গাখীৰ উৎপাদন কৰা হয় সেই অঞ্চলত নাই সক্ৰিয় পশু চিকিৎসা ব্যৱস্থা। পশু চিকিৎসালয় আছে যদিওঁ সক্ৰিয় নহয় বুলি জানিব দিয়ে গো পালক সকলে।চৰকাৰে গো-পালক সকলোক কম সূদত ঋণ বা সূলভ মুল্যত পশু আহাৰ যোগান ধৰিলে দুগ্ধ উৎপাদনত গো-পালক সকলে আৰু অধিক উৎসাহিত হব বুলি ধাৰণা কৰা হৈছে। লগতে অঞ্চলটোত পশু চিকিৎসা অধিক কটকটীয়া কৰাৰ বাবে দাবী জনাইছে গো-পালক সকলে। কাৰণ বৰ্তমান অধিক দৰত ক্ৰয় কৰিব লগা হৈছে গৰুৰ ঔষধ আৰু আহাৰ। অৱশ্য চাকলাত এখন পশু চিকিৎসালয় আছে যদিওঁ সেয়া নাজল নাথল অৱস্থা।
