আজি সুৰ্বণা নগাঁৱৰ তৰফৰ পৰা প্রাণজিৎ বৰাই বানপীড়িত সকললৈ ৩০০ যোৰা চাদৰ-মেখেলা আগবঢ়োৱাৰ

উজনি অসমত সংঘটিত হোৱা জনপ্ৰলয়সদৃশ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বানপীড়িত সকলক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যেৰে সামাজিক মাধ্যমৰ জৰিয়তে নগঞা ৰাইজক আহ্বান জনাইছিলো।সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন জনে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে আৰ্থিক সাহাৰ্য‌ও প্ৰদান কৰিছে। নগঞা ৰাইজে আগবঢ়োৱা সঁহাৰিৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।আপোনালোকৰ সামান্য সহায় আৰ্তজনৰ বাবে এক ডাঙৰ সকাহ। আশাকৰো আগন্তুক দিনতো বানপীড়িত সকলৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে নগঞা ৰাইজে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।

আজি সুৰ্বণা নগাঁৱৰ তৰফৰ পৰা প্রাণজিৎ বৰাই বানপীড়িত সকললৈ ৩০০ যোৰা চাদৰ-মেখেলা আগবঢ়োৱাৰ লগতে চায়া শৰ্মা আৰু অশোক শৰ্মাই বানপীড়িত সকললৈ নতুন বস্ত্ৰ আগবঢ়াই। লগতে গুন ৰাজখোৱাই ৫০ যোৰা চাদৰ-মেখেলা,পেটিকোট আৰু ব্লাউজ আগবঢ়াই। আপোনালোকৰ এই সহযোগিতাৰ বাবে সকলোকে পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register