খোৱাঙৰ দিখাৰি কিনাৰৰ সৰগফলা গাঁৱৰ পৰা দশম শ্ৰেণীৰ এজন ছাত্ৰ সন্ধানহীন। যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা সুশীল কুমাৰ বৰা নামৰ ছাত্ৰজন নিৰুদ্দেশ হৈ আছে।
ছাত্ৰজন নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকসকলে বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই। ছাত্ৰজনৰ সন্ধান নোপোৱাত পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰজনৰ সন্ধান লাভ কৰিলে বা তেওঁৰ বিষয়ে কোনো তথ্য জানিলে ৭৬৩৭৮৭৯২৩১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আন্তৰিকভাৱে আহ্বান জনাইছে।
