নাহৰকটীয়া সমষ্টিৰ আচাবাম চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হয় এক অগ্নিকাণ্ড। জানিব পৰা মতে, বাবলু কালাৰ নামৰ লোকজনৰ বাসগৃহত জুই জ্বলাই থকা সময়তে LPG গেছ লিকেজ হৈ হঠাৎ অগ্নিসংযোগ ঘটে।
মুহূৰ্ততে জুইয়ে সমগ্ৰ বাসগৃহটো আগুৰি ধৰাত আতংকৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ ফলত বাসগৃহটো যথেষ্ট ক্ষতিগ্ৰস্ত হয় আৰু ঘৰৰ বহু সা-সামগ্ৰী জুইত জাহ যায়।
ঘটনাস্থলীত কোনো অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাত, স্থানীয় ৰাইজে নিজেই তৎপৰতা অৱলম্বন কৰি জুই নিৰ্বাপণৰ চেষ্টা চলায়। অৱশেষত ৰাইজৰ সহযোগত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।
অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ যথেষ্ট আৰ্থিক ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।
