সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত এন ডি এ-ৰ মনোনীত প্ৰাৰ্থী দেৱাশীষ শৰ্মা সমৰ্থনত আজি প্ৰমিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত পুঠিমাৰী বাৰোৱাৰী দুৰ্গাপূজা মণ্ডপ আৰু জুৰিৰপাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁ। দুয়োখন সভাতে আমাৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰা বহু ব্যক্তিক ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াললৈ আদৰণি জনালোঁ।
নিৰ্বাচনী সভা দুখনত উপস্থিত ৰাইজৰ উচ্ছ্বাস আৰু স্বতঃস্ফূৰ্ত সঁহাৰিয়ে সমগ্ৰ পৰিৱেশ উজ্জীৱিত কৰি তোলে। সভা দুখনৰ জৰিয়তে এন ডি এ-ৰ মনোনীত প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা সমৰ্থনত ৰাইজক ব্যাপক জনমত প্ৰকাশ কৰিবলৈ আহ্বান জনাওঁ।
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নী যাত্ৰাৰ সহযাত্ৰী হোৱাৰ লক্ষ্যৰে এই উপ-নিৰ্বাচনত এন ডি এ-ৰ প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা সমৰ্থন জনাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাওঁ।
ৰাইজৰ এই উৎসাহ আৰু সঁহাৰিয়ে স্পষ্ট কৰি তুলিছে–নগাঁও লোকসভা সমষ্টিৰ উন্নয়ন আৰু প্ৰগতিৰ যাত্ৰাত ৰাইজে সক্ৰিয়ভাৱে অংশীদাৰ হ’বলৈ সাজু ।
