আজি ৫৬ নং ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বুথ নং ১৬৪, চাপমাৰী মজলীয়া এম ভি স্কুল (পশ্চিম খণ্ড)ত আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা সমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰোঁ।
উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বহু কেইগৰাকী লোকে দলত যোগদান কৰে। সভাত মাননীয় বিধায়ক শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ উপস্থিত থাকে।
ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু দলীয় কাৰ্যকৰ্তাসকলৰ উৎসাহে আগন্তুক নিৰ্বাচনক লৈ তৃণমূল পৰ্যায়ত থকা জনসম্পৰ্কৰ এক ইতিবাচক দিশ প্ৰতিফলিত কৰিছে।
