- নগাঁও লোকসভা সমষ্টিত এইবাৰ পৰিৱৰ্তনৰ বতাহে শক্তিশালী ৰূপ লৈছে। ভোটাৰ ৰাইজে নিজৰ সিদ্ধান্ত স্পষ্ট কৰিছে—তেওঁলোক এনডিএ মিত্ৰজোঁটৰ পক্ষত ঐক্যবদ্ধভাৱে থিয় দিছে।
আজি লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কাথনিত এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মা সমৰ্থনত আয়োজিত নিৰ্বাচনী জনসভা সম্বোধন কৰোঁ। সভাত ৰাইজৰ ব্যাপক উৎসাহ আৰু অকুণ্ঠ সমৰ্থন দেখি আনন্দিত হৈছোঁ।
এই নিৰ্বাচন বিভাজনৰ পৰিৱৰ্তে উন্নয়নৰ সপক্ষত থকাৰ নিৰ্বাচন। সেয়েহে, অহা ৬ অক্টোবৰত প্ৰতিগৰাকী যোগ্য ভোটাৰক এনডিএ সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ সপক্ষে ভোটদান কৰিবলৈ আন্তৰিকতাৰে আহ্বান জনালোঁ আৰু এখন সমৃদ্ধিশালী অসমৰ উন্নয়নমুখী যাত্ৰাৰ অংশীদাৰ হ’বলৈ আহ্বান জনালোঁ।
সভাত অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা মাননীয় সতীৰ্থ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত বিধায়ক ড° তপন দাস বিজেপি আৰু অগপৰ বিভিন্ন সাংগঠনিক স্তৰৰ জ্যেষ্ঠ বিষয়ববীয়া, অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া, দলীয় কৰ্মকৰ্তা আৰু শুভাকাংক্ষীসকল উপস্থিত থাকে।
