ডিব্ৰুগড়ত নতুন বিধানসভা কমপ্লেক্স নিৰ্মাণৰ মূল কাম কাইলৈৰ পৰা আৰম্ভ

অসম বিধানসভা কমপ্লেক্স, ডিব্ৰুগড়

অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি দিছপুৰস্থিত অসম বিধানসভা অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত ডিব্ৰুগড়ত নতুন অসম বিধানসভা কমপ্লেক্স আৰু বিধায়কসকলৰ হোষ্টেল নিৰ্মাণ সম্পৰ্কে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকখনত অসম বিধানসভাৰ সচিব ৰাজীৱ ভট্টাচাৰ্য, লোকনিৰ্মাণ (ভৱন) বিভাগৰ মুখ্য অভিযন্তাকে ধৰি অন্যান্য বিষয়াসকল আৰু নিৰ্মাণকাৰ্যৰ সৈতে জড়িত Design Associates-ৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

বিষয়াসকলে জনোৱা মতে, কমপ্লেক্সটোৰ চৌহদৰ দেৱাল (Boundary Wall) নিৰ্মাণৰ কাম ইতিমধ্যে সফলভাৱে সম্পূৰ্ণ হৈছে।

অসমে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দ্বিতীয়টো বিধানসভা কমপ্লেক্স লাভ কৰিব পৰাকৈ কাইলৈৰ পৰা মূল নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register