নিৰৱে গছপুলি ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে শিঙিয়া সমবায় সমিতিৰ উপ-সভাপতি তফাজুল হক মৰলে।
:গছপুলি ৰোপণে প্ৰকৃতিৰ সৌন্দৰ্য্য বৃদ্ধি কৰে, বায়ু বিশুদ্ধ কৰে আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। এইজন হৈছে শিঙিয়া সমবায় সমিতিৰ উপ-সভাপতি তফাজুল হক মৰল। বিগত বছৰ- বছৰি তেখেতে বৃহত্তৰ শিঙিয়া অঞ্চলৰ লগতে পাৰ্শ্বৱৰ্তী গাঁও সমূহত থকা ধৰ্মীয় অনুষ্ঠান, মছজিদ , মাদ্ৰাছাৰ লগতে বিভিন্ন প্ৰতিষ্ঠানত নিৰৱে গছপুলি ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কেৱল গছপুলি ৰোপণ কৰাই নহয় পুলিটো ডাঙৰ নোহোৱালৈকে ভেঁৰা দি সুৰক্ষাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে। নগাঁও জিলাৰ ঐতিহাসিক ধৰ্মীয় শিক্ষানুষ্ঠান তিনিচুকীয়া দলনী জুৰীয়া ক্বাৰীয়ানা হাফিজীয়া ও কাছিমুল উলুম মাদ্ৰাছাতো গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। শিঙিয়া অঞ্চলৰ বিশিষ্ট সমাজসেৱক তথা শিঙিয়া সমবায় সমিতিৰ উপ-সভাপতি তফাজুল হক মৰলৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰে মাদ্ৰাছা পৰিচালনা সমিতিয়
নিৰৱে গছপুলি ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে শিঙিয়া সমবায় সমিতিৰ উপ-সভাপতি তফাজুল হক মৰলে
