ছয়গাঁৱৰ মাকেলী কলহী নৈত সন্ধানহীন এজন ব্যক্তি

ছয়গাঁও: দক্ষিণ কামৰূপৰ ছয়গাঁও অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মাকেলী কলহী নৈত এজন ব্যক্তি সন্ধানহীন হৈ পৰাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য।

জানিব পৰা মতে, ব্যক্তিজন নৈৰ পাৰত থকা সময়তে কোনো কাৰণত পানীত পৰি সন্ধানহীন হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় লোকসকলে নৈখনত সন্ধান অভিযান আৰম্ভ কৰে।

ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ সন্ধান অভিযান চলাই আছে। সন্ধানহীন ব্যক্তিজনৰ পৰিচয় আৰু ঘটনাৰ সম্পূৰ্ণ কাৰণ সন্দৰ্ভত অধিক তথ্য বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

ব্যক্তিজনৰ সন্ধান উলিওৱাৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register