ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত বক্তৃতা প্ৰতিযোগিতা

২৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন স্নাতক (UG) আৰু স্নাতকোত্তৰ (PG)—দুটা শাখাত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ আৰু কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাখনত উৎসাহেৰে অংশগ্ৰহণ কৰে।

অনুষ্ঠানখনৰ শুভাৰম্ভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ ডীন অধ্যাপক সুৰজিৎ বৰকটকীয়ে।

UG শাখাত মুঠ ২০ গৰাকী শিক্ষাৰ্থীয়ে “Empowerment through Innovations: India’s Contribution” বিষয়ত বক্তৃতা প্ৰদান কৰে। এই শাখাত Centre for Juridical Studiesৰ B.A. LL.B. (H)ৰ অংগনা মহন্তই প্ৰথম স্থান লাভ কৰে। ইংৰাজী বিভাগৰ FYIPGPৰ গাৰ্গী বাণীয়ে দ্বিতীয় আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ FYIPGPৰ সুস্মিতা শৰ্মাই তৃতীয় স্থান লাভ কৰে।

আনহাতে, PG শাখাত মুঠ ২১ গৰাকী শিক্ষাৰ্থীয়ে “Artificial Intelligence & Deep Tech Startups in India: Building Sovereign Digital Ecosystems” বিষয়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই শাখাত Centre for Management Studiesৰ MBA তৃতীয় ষান্মাসিকৰ ৰুবাইয়া খাতুনে প্ৰথম স্থান লাভ কৰে। Centre for Studies in Journalism and Mass Communicationৰ M.A. প্ৰথম ষান্মাসিকৰ কমল নয়ন দত্তই দ্বিতীয় আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ M.A. তৃতীয় ষান্মাসিকৰ অস্মিতা লাহনে তৃতীয় স্থান লাভ কৰে।

প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্ব পালন কৰে ড° কান্তা কাবেৰী সোণোৱাল, ড° মুনমী বৰা আৰু ড° আনছাই বাথৌ বসুমতাৰীয়ে। অনুষ্ঠানটো সমন্বয় কৰে শিক্ষা বিভাগৰ ড° প্ৰাঞ্জল বুৰাগোহাঁই আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ ড° বৰুণ দেয়ে।

উল্লেখ্য যে, নিৰ্ধাৰিত নীতি-নিৰ্দেশনা অনুসৰি নিৰ্বাচিত প্ৰতিযোগীসকলে পৰৱৰ্তী পৰ্যায়ত জিলা পৰ্যায়ৰ ‘সেৱা সংকল্প অভিযান’ৰ বক্তৃতা প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিব।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register