ডিব্ৰুগড়ৰ শ্ৰী শনি মন্দিৰত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, জ্যোতি ললিতা কানোই ফাউণ্ডেশ্যনৰ জনসেৱামূলক পদক্ষেপ!

ডিব্ৰুগড়ৰ শ্ৰী শনি মন্দিৰত ভক্ত আৰু স্থানীয় ৰাইজৰ সুবিধাৰ্থে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা স্থাপন কৰিলে জ্যোতি ললিতা কানোই ফাউণ্ডেশ্যনে। গুৰুজী শ্ৰী শ্ৰী ৰবিশংকৰৰ আশীৰ্বাদত স্থাপন কৰা এই খোৱাপানীৰ সুবিধাটো শুকুৰবাৰে, ২ অক্টোবৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ডিব্ৰুগড়ৰ মেয়ৰ ড০ ছৈকত পাত্ৰই।

এই অনুষ্ঠানত মন্দিৰলৈ অহা ভক্তসকলৰ লগতে স্থানীয় ৰাইজৰো উপস্থিতি পৰিলক্ষিত হয়।

ফাউণ্ডেশ্যনৰ এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্ত আৰু ইয়াৰ আশে-পাশে বসবাস কৰা লোকসকলক বিশুদ্ধ, নিৰাপদ আৰু সহজলভ্য খোৱাপানী যোগান ধৰা।

এই উদ্যোগক এক জনসেৱামূলক পদক্ষেপ হিচাপে অভিহিত কৰি ফাউণ্ডেশ্যনে ইয়াৰ সৈতে জড়িত সকলো সহযোগীলৈ কৃতজ্ঞতা প্ৰকাশ কৰে। লগতে, এই সুবিধাই আগন্তুক দিনসমূহতো জনসাধাৰণক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।

ডিব্ৰুগড়ৰ শ্ৰী শনি মন্দিৰত স্থাপন কৰা এই খোৱাপানীৰ সুবিধাই বিশেষকৈ মন্দিৰলৈ অহা ভক্তসকলৰ বাবে যথেষ্ট সহায়ক হ’ব বুলি আশা কৰা হৈছে।

Leave a Reply

BP NEWS Live
Logo Tuesday, 6 October 2026
Login / Register