মণিপুৰটুপ ভকতগাঁও আঞ্চলিক খেলপথাৰত ৰাইজৰ স্নেহ আৰু আন্তৰিকতাই হৃদয় গভীৰভাৱে স্পৰ্শ কৰিলে।
নগাঁও লোকসভা সমষ্টিৰ এন ডি এ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দেৱাশীষ শৰ্মা সমৰ্থনত আজি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পিযুষ হাজৰীকা উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাখনত ৰাইজে যি উদ্দীপনা আৰু সহযোগিতাৰে অংশগ্ৰহণ কৰিলে, সেই অনুভৱ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰিম।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত অসমৰ উন্নয়নৰ যাত্ৰাই নতুন গতি লাভ কৰিছে। এই উন্নয়নমুখী যাত্ৰাৰ অংশীদাৰ হোৱাৰ আকাংক্ষা আৰু আগন্তুক দিনত অধিক সমৃদ্ধিশালী নগাঁও লোকসভা সমষ্টিৰ সপোন আজিৰ সভাত সমবেত ৰাইজৰ উৎসাহৰ মাজেৰে গভীৰভাৱে অনুভৱ কৰিলোঁ।
ৰাইজৰ এই আস্থা -বিশ্বাসেই আমাৰ বাবে প্ৰধান শক্তি। মণিপুৰটুপ ভকতগাৱত আজি ৰাইজে যি আপোনত্বৰে আঁকোৱালি ল’লে, সেয়া হৃদয়ত সদায় সাঁচি ৰাখিম।
এন ডি এ-ৰ প্ৰাৰ্থীগৰাকীক ৰাইজে অভিলেখ সংখ্যক ভোটত জয়যুক্ত কৰিব বুলি আমাৰ দৃঢ়বিশ্বাস।
