নগৰবেৰাৰ কল্যাণপুৰত বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।দৰা, কাজীসহ পাচঁজনক গ্ৰেপ্তাৰ

কামৰূপৰ নগৰবেৰা আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে কল্যাণপুৰ গাওঁত যোৱা নিশা এক অভিযান চলাই। অভিযানত সোতৰ বছৰীয়া এগৰাকী কিশোৰীক উদ্ধাৰ কৰাৰ লগতে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নিশা প্ৰায় ১১ বজাত কল্যাণপুৰ গাঁৱৰ খাজামুদ্দিনৰ বাসগৃহত এগৰাকী নাবালিকা কিশোৰীৰ বিবাহ অনুষ্ঠান চলি আছিল । নগৰবেৰা আৰক্ষীয়ে এই খবৰ লাভ কৰি তাৎক্ষনিকভাৱে নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰজিৎ দাস আৰু উপ-পৰিদৰ্শক দিব্যজ্যোতি ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলায়। অভিযানত আৰক্ষীয়ে টুপামাৰীৰ নতুন বদলা গাঁৱৰ ছিমাৰ আলীৰ পুত্ৰ ছফিকুল ইছলামে বিয়া কৰাবলৈ যোৱা কল্যাণপুৰ গাঁৱৰ বৰকত আলীৰ ১৭ বছৰীয়া নাবালিকা কন্যাক উদ্ধাৰ কৰে।তদুপৰি আৰক্ষীয়ে এই বাল্য বিবাহৰ সৈতে জড়িত ক্ৰমে ছফিকুল ইছলাম (দৰা), নুৰ আলম(কাজী) আব্দুল আজিজ, খাজামুদ্দিন আৰু নুৰ হুছেইন নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে বিবাহ অনুষ্ঠানৰ সৈতে সম্পৰ্কিত বিবাহৰ পোছাক আৰু অন্যান্য সামগ্ৰী ঘটনাস্থলীৰ পৰা জব্দ কৰে। ইতিমধ্যে নগৰবেৰা আৰক্ষীয়ে আটাইকেইটা অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। 

Leave a Reply

BP NEWS Live
Logo Sunday, 25 October 2026
Login / Register