বানাক্ৰান্তৰ বাবে ওলাই আহিল অসমৰ অন্যতম এখন ইছলামিক শিক্ষা প্ৰতিষ্ঠান জামিয়া অসম দাৰুল হাদিছ, জয়নগৰ

এইবাৰ বানাক্ৰান্তৰ বাবে ওলাই আহিল অসমৰ অন্যতম এখন ইছলামিক শিক্ষা প্ৰতিষ্ঠান জামিয়া অসম দাৰুল হাদিছ, জয়নগৰ।
ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে জয়নগৰ মাদ্ৰাছাই।
কেইবা লক্ষাধিক টকাৰ বান সাহায্য লৈ উজনিত উপস্থিত মাদ্ৰাছাৰ বৃহৎ দল।

হোজাই স্থিত,উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ইছলামিক শিক্ষানুষ্ঠান জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাই উজনিৰ তিনি জিলাৰ বানপীড়িত লোকৰ মাজত আজি বিতৰন কৰিব অত্যাৱস্যকীয় খাদ্য সামগ্ৰীৰ লগতে কানি কাপোৰ আৰু অন্যান্য সা-সামগ্ৰী।

মাদ্ৰাছাৰ এই মহান পদক্ষেপক সকলোৱে শলাগ লৈছে। মানুহৰ এই চৰম বিপৰ্যয়ৰ সময়ত মাদ্ৰাছাৰ এই পদক্ষেপে সমাজত ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক নতুন যুগৰ সূচনা কৰিব বুলি বহুতে মত প্ৰকাশ কৰিছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register