আজি বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীৰ কেইবাজনো ব্যক্তি তথা সংস্থাই শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত উজনি অসমৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়াই ।
তেওঁলোকৰ এই মহৎ পদক্ষেপৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই মহৎ প্ৰয়াসে সমাজৰ আন লোকসকলকো সহায়ৰ হাত আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিব বুলি আমি দৃঢ় বিশ্বাসী।
