অসমৰ নানা সমস্যাৰ ভিতৰত প্ৰতিবছৰে হৈ থকা বানপানীৰ সমস্যা হৈছে এক অন্যতম সমস্যা। অসমত প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহ বানপানীৰ কৱলক পৰে, কিন্তু কেতিয়া হ’ব এই সমস্যাৰ সমাধান। যিটো সময়ত অসমৰ নানা ধৰণৰ উন্নয়নমূলক কামৰ বাবে সংবাদ শিৰোনামা দখল কৰা পৰিলক্ষিত হয় কিন্তু বানপানী ৰোধ কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই। সাধাৰণ মানুহে বানপানীৰ কৱলত পৰি নিজৰ সৰ্বোচ্চ হেৰুৱাই এতিয়া অসহায় হৈ পৰিছে এতিয়া তেওঁলোকৰ দায়িত্ব ল’ব কোনে? অসমৰ উন্নয়ন মানে আমাৰো উন্নয়ন কিন্তু এই উন্নয়ন হ’ব লাগে সকলোৰে বাবে সমান। কৃত্রিম বানপানীত গুৱাহাটীৰ নলাত পৰি মৃত্যু হয় সাধাৰণ মানুহৰ, এই সমস্যাৰ সমাধান কেতিয়া হ’ব, নে সাধাৰণ মানুহ এনেকৈয়ে সাধাৰণ মানুহ নলাত পৰি মৃত্যু মূখত পৰিবলগীয়া হ’ব। মানুহে দিনে ৰাতি কষ্ট কৰি সপোনৰ ঘৰ এখন সাজে কিন্তু সেই সকলো সপোন চকুৰ পলকতে উটুৱাই লৈ যায় তেতিয়া মানুহজন স্বাভাবিকতে অসহায় হৈ পৰিব। চৰকাৰে যদি বানপানী ৰোধ কৰাৰ কাৰণে কোনো পদক্ষেপ গ্রহণ কৰে তেতিয়া হলে হাজাৰ হাজাৰ মানুহৰ সমস্যাৰ সমাধান হ’ব।
বানপানীৰ পৰা কেতিয়া মুক্ত হ’ব অসম
