বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ বাংলাপাৰাত দান-বৰঙণিৰে ৰাস্তা মেৰামতি। ঘৰে ঘৰে ১০০-২০০ টকা বৰঙণি উঠাই মেৰামতি কৰিলে ৰাস্তা।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ বাংলাপাৰাত দান-বৰঙণিৰে ৰাস্তা মেৰামতি। ঘৰে ঘৰে ১০০-২০০ টকা বৰঙণি উঠাই মেৰামতি কৰিলে ৰাস্তা। জনপ্ৰতিনিধিৰ পৰা সহায় নোপোৱাৰ অভিযোগ ৰাইজৰ

জনপ্ৰতিনিধিৰ আশা বাদ দি হাতে কামে লাগিল এখন গাঁৱৰ ৰাইজ। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংলাপাৰাৰ এটা ৰাস্তাই জীয়াতু ভুগাইছে ৰাইজ তথা স্কুলীয়া ছাত্ৰ-চাত্ৰীক। কদৰ্যময় ৰাস্তাৰ বাবে প্ৰসুতি মাতৃ, বেমাৰী, অগ্নীনিৰ্বাপনৰ গাড়ীকে আদি সকলো ধৰণৰ জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈছে ৰাইজ। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে দুৰ্ভোগ ভূগিছে ৰাস্তাটোৰ বাবে। ৰাস্তাটো মেৰামতিৰ বাবে জনপ্ৰতিনিধি সকলে কোনো গুৰুত্ব প্ৰদান নকৰাত হাতে কামে লাগিল ৰাইজ। মেৰামতি ঘৰে ঘৰে গৈ ১০০-২০০ টকা বৰঙণি তুলি মেৰামতি কৰে ৰাস্তাটো। স্থানীয় বিধায়ক নুৰুল ইছলামক ৰাস্তাটো মেৰামতিৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register