প্ৰতিবছৰে ৰাইজে শৌলমাৰী পোকালাগী নৈত নিৰ্মাণ কৰে ২০০ মিটাৰ বাঁহৰ দলং।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ শৌলমাৰী পোকালাগী নৈৰ ওপৰত থকা বাঁহৰ দলং খন প্ৰতিবছৰে ৰাইজে প্ৰায় ১.৫ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰে। নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি সকলে ডিঙিৰ শিৰ ফুলাই ভাষণত কয় যে অহাবাৰ নিশ্চয় দলং খন কৰা হব মই জয়ী হব পাৰিলে। কিন্তু জয়ী হোৱাৰ পিছত আৰু দলং খনৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে। জানিব পৰা দলং খনেৰে প্ৰতিদিনে ৮/১০ খন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পাৰাপাৰ হবলগীয়া হয় ।লগতে অতিকৈ কৃষি প্ৰধান অঞ্চল টোত কৃষকৰ উৎপাদিত শস্য বজাৰলৈ নিয়াৰ ক্ষেত্ৰতো চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে শৌলমাৰী বাসী ৰাইজে। সেয়ে স্থানীয় বিধায়ক নুৰুল ইছলামক এখন কাঠৰ দলং নিৰ্মাণ কৰি দিয়াৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register