আজি ৰহা বিধান সভা সমষ্টিৰ ভূপেন হাজৰিকা মুকলি মঞ্চত আয়োজিত নিৰ্বাচনী সভাত অংশ লৈ ৰাইজক সম্বোধন কৰোঁ। উল্লেখ্য যে এয়া যদিও কেৱল এটা উপ-নিৰ্বাচন, তথাপিও গণতন্ত্ৰৰ এই উৎসৱত জনতা জনাৰ্দনৰ অংশগ্ৰহণ অত্যন্ত প্ৰয়োজনীয়

আজি ৰহা বিধান সভা সমষ্টিৰ ভূপেন হাজৰিকা মুকলি মঞ্চত আয়োজিত নিৰ্বাচনী সভাত অংশ লৈ ৰাইজক সম্বোধন কৰোঁ। উল্লেখ্য যে এয়া যদিও কেৱল এটা উপ-নিৰ্বাচন, তথাপিও গণতন্ত্ৰৰ এই উৎসৱত জনতা জনাৰ্দনৰ অংশগ্ৰহণ অত্যন্ত প্ৰয়োজনীয়। কাৰণ নাগৰিকৰ প্ৰতিটো ভোটেই যথেষ্ট গুৰুত্বপূৰ্ণ। সেয়েহে সকলোকে বিপুল ভোটদানেৰে আমাৰ মনোনীত প্ৰাৰ্থী শ্ৰীদেৱাশীষ শৰ্মা  জয়ী কৰাবলৈ আন্তৰিকতাৰে আহ্বান জনাইছোঁ।

 

কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক মানসিকতা আৰু জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতাৰ অভাৱৰ বাবেই বহু ব্যক্তিয়ে ইতিমধ্যেই কংগ্ৰেছ ত্যাগ কৰিছে। সাত দশকৰো অধিক সময় ধৰি কংগ্ৰেছৰ অপশাসনৰ ফলস্বৰূপে জনসাধাৰণে কংগ্ৰেছক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে। এই উপ-নিৰ্বাচনতো আটাইকে কংগ্ৰেছক নস্যাৎ কৰি উন্নয়ন আৰু প্ৰগতিৰ পক্ষত ভোটদান কৰিবলৈ অনুৰোধ জনাইছোঁ।

 

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ৰহাত ৩০,০০০ বিঘাতকৈ অধিক ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। অনাগত সময়ত ৰহাত নতুন উদ্যোগো স্থাপন হ’ব। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  আমাৰ চৰকাৰ অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে দৃঢ়প্ৰতিজ্ঞ।

 

আমাৰ বিজেপি চৰকাৰে ৰাইজৰ স্বাৰ্থত অৰুণোদয়, নিযুত মইনা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু মহিলা উদ্যমিতা অভিযানৰ দৰে জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে। আনহাতে, কংগ্ৰেছৰ শাসনকালত ৰাইজে কি লাভ কৰিলে, সেই কথা সকলোৱে জানে। সেয়েহে নিজৰ মূল্যৱান ভোট অপচয় নকৰিব। উন্নয়ন, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰীদেৱাশীষ শৰ্মা ডাঙৰীয়াৰ পক্ষত ভোটদান কৰক আৰু এখন অগ্ৰগামী অসমৰ অংশীদাৰ হওক।

Leave a Reply

BP NEWS Live
Logo Saturday, 26 September 2026
Login / Register