ৰজাগাঁৱত তিনিদিনীয়া শ্ৰীশ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ

Oplus_16908288

ৰজাগাঁৱত তিনিদিনীয়া শ্ৰীশ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ

Anchor=নগাঁও জিলাৰ ৰজাগাঁৱত ভক্তি, আধ্যাত্মিকতা আৰু আনন্দময় পৰিৱেশৰ মাজেৰে তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ উদযাপন কৰা হয়।

ৰজাগাঁও হৰে কৃষ্ণ নামহট্ট সংঘ আৰু ৰজাগাঁৱৰ ভক্তবৃন্দৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ প্ৰথম দিনা, ৩ ছেপ্টেম্বৰত অধিবাস অনুষ্ঠান, দ্বিতীয় দিনা ৪ ছেপ্টেম্বৰত শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱ আৰু তৃতীয় দিনা ৫ ছেপ্টেম্বৰত নন্দোৎসৱ আৰু ইস্কনৰ প্ৰতিষ্ঠাপক আচাৰ্য কৃষ্ণকৃপাশ্ৰীমূৰ্তি অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্ৰভুপাদৰ ব্যাস পূজা অনুষ্ঠিত হয়।জন্মাষ্টমী উপলক্ষে অনুষ্ঠানস্থলীত হৰিনাম সংকীৰ্তন, কীৰ্তন, নৃত্য আৰু বিভিন্ন ভক্তিমূলক কাৰ্যসূচীৰে এক আনন্দময় আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। ভক্তসকলৰ লগতে স্থানীয় ৰাইজেও উৎসাহেৰে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register