লখিমপুৰ জিলাৰ চিয়াজুলি অঞ্চলৰ দীৰ্ঘা মাজ গাঁওৰ ৰাধাকৃষ্ণ মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে কালি কৃষ্ণ জন্মাষ্টমী উৎসৱ উদযাপন কৰে। এই উপলক্ষত মন্দিৰ প্ৰাংগনত দিনৰ ভাগত পূজা পাতল দৰে মাংগলিক অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতেই শ্ৰীকৃষ্ণৰ ভক্তি গীতত স্থানীয় শিশু, কিশোৰ কিশোৰী সকলৰ মাজত নৃত্য গীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। তাৰ পিছত শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা মন্দিৰ প্ৰাংগনত হৰিকীৰ্তন আৰু কৃষ্ণৰ জন্মোৎসৱ উদযাপন কৰে নিশা বাৰ বজাত
চিয়াজুলিৰ দীৰ্ঘা মাজ গাঁওৰ ৰাধাকৃষ্ণ মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে কৃষ্ণ জন্মাষ্টমী উৎসৱ উদযাপন
