নাজিৰা, শিৱসাগৰ, ৩১ জুলাইঃ শিৱসাগৰ জিলাৰ নাজিৰা অঞ্চলত শেহতীয়া বানপানীৰ ফলত জনসাধাৰণৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানেও ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে। বিশেষকৈ নাজিৰা মহাবিদ্যালয়ত বানপানীৰ ফলত যথেষ্ট ক্ষয়-ক্ষতি হোৱা দেখা গৈছে।
মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত সংৰক্ষিত বহু মূল্যৱান গ্ৰন্থ, কম্পিউটাৰ, শিক্ষাদানৰ বিভিন্ন সামগ্ৰী আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰ বানৰ পানীত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও মহাবিদ্যালয়ৰ কাৰ্যালয়তো বহু প্ৰয়োজনীয় সামগ্ৰী আৰু নথিপত্ৰৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া কথাটো হ’ল ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ বাবে থকা শ্ৰেণীকোঠাৰ ডেস্ক-বেঞ্চৰ বিস্তৰ ক্ষতি হোৱাত পাঠদান কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথা জানিব পাৰিছোঁ।
এই ক্ষয়-ক্ষতিৰ ফলত শিক্ষাৰ পৰিৱেশ বিঘ্নিত হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ নিয়মীয়া শৈক্ষিক কাৰ্যসূচীত যথেষ্ট প্ৰভাৱ পৰিছে। শিক্ষাৰ মান স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি আৰু শিক্ষাসামগ্ৰী অতি সোনকালে পুনৰ উদ্ধাৰ আৰু পুনঃস্থাপনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে।
স্থানীয় সচেতন মহল আৰু মহাবিদ্যালয় পৰিয়ালে সংশ্লিষ্ট কৰ্তৃপক্ষক ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন কৰি শীঘ্ৰে প্ৰয়োজনীয় সাহায্য আৰু পুনৰ নিৰ্মাণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
