ঢোলমাৰাত অষ্টম বাৰ্ষিক কৰম উৎসৱ উদযাপন ​সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা/AASA)-ৰ ঢোলমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ যৌথ সহযোগত অষ্টম বাৰ্ষিক ‘কৰম উৎসৱ’ উলহ-মালহেৰে উদযাপন কৰা হয়।

ঢোলমাৰাত অষ্টম বাৰ্ষিক কৰম উৎসৱ উদযাপন

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (AASA)-ৰ ঢোলমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ যৌথ সহযোগত অষ্টম বাৰ্ষিক ‘কৰম উৎসৱ’ উলহ-মালহেৰে উদযাপন কৰা হয়।

আদিবাসী কৃষ্টি-সংস্কৃতি সুৰক্ষা আৰু সংৰক্ষণৰ উদ্দেশ্যৰে আয়োজিত এই উৎসৱত পৰম্পৰাগত ৰীতি-নীতিৰে কৰম পূজা সম্পন্ন কৰা হয়। মাংগলিক কাৰ্যসূচীৰ পাছতেই ডেকা-গাভৰুসকলে থলুৱা সাজ-পোছাক পৰিধান কৰি মাদল আৰু ঢোলৰ তালে তালে ঝুমুৰ নৃত্য পৰিৱেশন কৰি সমগ্ৰ অঞ্চলটো মুখৰিত কৰি তোলে।

অনুষ্ঠানত আছা-ৰ কেন্দ্রীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়াসকলৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। সভাখনত বক্তাসকলে আদিবাসী সমাজৰ প্ৰাচীন কৃষ্টি-সংস্কৃতি ধৰি ৰখাৰ লগতে সমাজত ঐক্য আৰু ভাতৃত্ববোধ জীয়াই ৰখাৰ গুৰুত্ব সম্পৰ্কে বক্তব্য ৰাখে। উদযাপন সমিতিয়ে কাৰ্যসূচীটি সফল কৰি তোলাৰ বাবে স্থানীয় ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register