৭৫ বছৰত ভৰি দিলে কে পি ৰোড দুৰ্গাপূজা সমিতি

প্ৰকৃতিৰ বুকুত’ থীমেৰে সজিব এইবাৰৰ বিশেষ পূজাৰ মণ্ডপ

এইবাৰ ৭৫সংখ্যক বৰ্ষত ভৰি দিছে কে পি ৰোড দুৰ্গাপূজা সমিতিয়ে। ৰূপালী জয়ন্তীৰ পিছত এইবাৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা উদযাপনৰ বাবে সমিতিয়ে গ্ৰহণ কৰিছে এক বিশেষ প্ৰস্তুতি।

৭৫সংখ্যক দুৰ্গাপূজাৰ মূল আকৰ্ষণ হিচাপে নিৰ্মাণ কৰা হ’ব ‘প্ৰকৃতিৰ বুকুত’ শীৰ্ষক এক ব্যতিক্ৰমী পূজাৰ মণ্ডপ। সম্পূৰ্ণৰূপে কেঁচা আৰু প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰি মণ্ডপটো নিৰ্মাণ কৰা হ’ব।

প্ৰকৃতি আৰু দেৱী দুৰ্গাৰ মাজত থকা আধ্যাত্মিক সম্পৰ্কক প্ৰতিফলিত কৰাই এইবাৰৰ থীমৰ মূল উদ্দেশ্য। পৰম্পৰাগত বিশ্বাস অনুসৰি দেৱী দুৰ্গা আৰু মাতৃ প্ৰকৃতি একে শক্তিৰ প্ৰতীক—এই ধাৰণাকে মণ্ডপৰ জৰিয়তে তুলি ধৰা হ’ব।

মাটি, মাটি-জাতীয় উপাদান আৰু জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বিভিন্ন প্ৰাকৃতিক সামগ্ৰীৰে মণ্ডপ সজাই মাতৃ দুৰ্গাক প্ৰকৃতিৰ মাজেৰে আৰাধনা কৰাৰ এক অনন্য প্ৰয়াস চলোৱা হৈছে।

৭৫ বছৰীয়া গৌৰৱময় পৰিক্ৰমাক স্মৰণীয় কৰি তুলিবলৈ লোৱা এই বিশেষ পদক্ষেপে পূজাৰ পৰম্পৰাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাও দাঙি ধৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

BP NEWS Live
Logo Monday, 28 September 2026
Login / Register