বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাইৰদিয়া গাঁৱত যোৱা নিশা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গাঁওখনৰ প্রায় ২০-২৫ টা পৰিয়ালৰ সকলো বৈদ্যুতিক সামগ্রী জ্বলি নষ্ট হয়। গাঁওখনৰ একাংশ লোকে জনোৱা মতে যোৱা নিশা হঠাৎ জ্বলি থকা বৈদ্যুতিক বাল্ব, ফেন, ইনভার্টাৰ, ফ্রীজ, পানীৰ মটৰ আদিৰ পৰা ধোঁৱা ওলাবলৈ লোৱাত হুৱাদুৱা লাগে গাঁওখনত। নিমিষতে উক্ত পৰিয়ালসমূহৰ ঘৰত থকা প্ৰতিটো বৈদ্যুতিক সা-সৰঞ্জামসমূহৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। চকুৰ পচাৰতে গাঁওখনৰ ২০-২৫টা পৰিয়ালৰ বৈদ্যুতিক সামগ্রীসমূহ এনেদৰে জ্বলি নষ্ট হয়। পিছত ঘটনা সন্দর্ভত স্থানীয় লোকে বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰে যদিও বাৰম্বাৰ ফোন কৰাৰ পাছতো বিভাগটোৰ কৰ্মচাৰীসকলে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। এনে পৰিস্থিতিত গাঁৱৰ শংকিত ভুক্তভোগী পৰিয়ালৰ লোকসকলে অসুৰক্ষিত অনুভৱ কৰে। জানিব পৰা মতে গাঁওখনৰ টোকপাৰা চুবুৰীৰ প্ৰতিটো পৰিয়ালৰ ঘৰত থকা বৈদ্যুতিক সামগ্রীসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈছে। বৰ্তমানলৈকে উক্ত স্থানত বিদ্যুৎ বিভাগৰ কোনো লোক উপস্থিত নোহোৱাত ক্ষোভ ব্যক্ত কৰিছে ৰাইজে। যিকোনো মুহূর্ততে ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰো আশংকা ব্যক্ত কৰি শংকিত হৈ পৰিছে অঞ্চলবাসী। শীঘ্রে ক্ষতিগ্রস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ আদায় দিবলৈ বিদ্যুৎ বিভাগক দাবী জনাইছে ভুক্তভোগী লোকসকলে।
বিদ্যুৎ বিভাগৰ গাফিলতি, জ্বলি গ’ল ২০টা পৰিয়ালৰ বৈদ্যুতিক সামগ্রী
