বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা গোলাপাৰা সংযোগী কাঠৰ দলং খনৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে ৰাইজ। দলং খন পকীকৰণৰ কাম সোনকালে আৰম্ভ কৰাৰ বাবে ৰাইজে দাবী জনাইছে। কাৰণ দলঙ খনেৰে প্ৰতিদিনে কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে বহু কেইখন গাঁৱৰ ৰাইজ পাৰাপাৰ হয়। দলং খনৰ অৱস্থা জৰাজীৰ্ণ হোৱা বাবে পশ্চিম ফালৰ ৰাইজে যিকোনো জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হবলগীয়া হৈছে। সেয়ে স্থানীয় ৰাইজে দলং খন পকীকৰণৰ কাম আৰম্ভ হোৱাৰ আগলৈকে মেৰামতি কৰি দিয়াৰ বাবে চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিক আহ্বান জনাইছে।
নাম্বাৰপাৰাত জৰাজীৰ্ণ দলঙে জলা কলা খুৱাইছে ৰাইজক। কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পাৰাপাৰ দুৰ্ভোগ। মেৰামতিৰ দাবী কৰিলে ৰাইজে
