অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা কাৰ্যসূচী ২০২৬ – ২৭ ৰ অধীনত কালি লখিমপুৰ জিলাৰ চাউলধোৱাৰ ৩নং কাটৰি চাপৰি অঞ্চলত এখন কৃষি তথ্য কেন্দ্ৰ মুকলি কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ ছাত্ৰ ছাত্ৰীৰ উদ্যোগত তথা মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ উত্তৰ লখিমপুৰৰ তত্বাৱধানত স্থাপন কৰা কৃষি তথ্য কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। কৃষি বিজ্ঞানী আৰু কৃষি বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা খেতিয়কৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ আধুনিক তথ্য আৰু প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ জৰিয়তে কৃষকৰ খেতিৰ মান উন্নত কৰাৰ লক্ষ্যৰে এই কৃষি তথ্য কেন্দ্ৰ মুকলি কৰা হয়। ১১ বজাৰ গছপুলি ৰোপণ কাৰ্যসূচীৰে অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত এই তথ্যকেন্দ্ৰটো ফিটা কাটি মুকলি কৰে স্থানীয় জেষ্ঠ্য কৃষক প্ৰদীপ ধৰপধৰাই। অনুষ্ঠানত অতিথি হিচাবে উপস্থিত থাকে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ সুন্দৰ বৰ্মন, প্ৰধান বিজ্ঞানী তথা অধ্যাপক ডাঃ দেৱানন্দ দাস, মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ উত্তৰ লখিমপুৰৰ মুখ্য বিজ্ঞানী ডাঃ প্ৰবাল শইকীয়া, জিলা কৃষি বিষয়া ডাঃ বদন নেওগ, কদম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া খুলজিৎ পাদুনকে ধৰি বহু বিশিষ্ট কৃষি বিশেষজ্ঞ সকল।
অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা কাৰ্যসূচী ২০২৬ – ২৭, লখিমপুৰৰ ৩নং কাটৰি চাপৰিত কৃষি তথ্য কেন্দ্ৰ মুকলি।
