গড়কাপ্তানি পথৰ জৰাজীৰ্ণ দৃশ্যই উদঙাইছে উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰৰ কামৰ নমুনা ।মেৰামতিৰ এমাহৰ ভিতৰতে পুণৰ খহিল পকী পথৰ এটা অংশ। মেৰামতিৰ নামত ভেকোঁভাওনা গড়কাপ্তানি বিভাগৰ । এই দৃশ্য ছমৰীয়া সমষ্টিৰ সোনতলী- টুপামাৰী সংযোগী পকী পথৰ । পথৰ দাঁতিত থকা বিদ্যালয়ৰ পুখুৰীৰ বাবে সৃষ্টি হৈছে খহনীয়াৰ।খহনীয়াৰ ফলত ৰঙাপানীত পথছোৱাৰ এটা অংশ খহি যোৱাৰ ফলত সম্প্ৰতি ব্যাহত হৈ পৰিছে যাতায়ত। এক প্ৰকাৰ গধুৰ বাহন চলাচল বন্ধ হৈ পৰিছে পথছোৱাৰে। যাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৰাইজৰ লগতে ব্যৱসায়ী সকল
#পথছোৱাৰ এনে অৱস্থাৰ ফলত বৃহত্তৰ টুপামাৰী অঞ্চলৰ ব্যৱসায়ী সকলে মাল বস্তু নিব পৰা নাই পথছোৱাৰে। উল্লেখ্য যে, এমাহ মান পূৰ্বে পথছোৱাৰ এই ভগ্ন অংশ লোকনিৰ্মাণ বিভাগে মেৰামতি কৰিছিল যদিও সপ্তাহ দিন পাছতে পুণৰ খহি যায় পথছোৱা। শীঘ্ৰেই পথছোৱা পুণৰ মেৰামতি কৰি যাতায়ত সূচল কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
গড়কাপ্তানি পথৰ জৰাজীৰ্ণ দৃশ্যই উদঙাইছে উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰৰ কামৰ নমুনা ।

Good job