*কামৰূপ জিলাৰ বংশৰত অৰুণোদয় ৩.০ৰ আৰ্থিক সাহায্য প্ৰদানৰ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ* *

দিছপুৰ, ১ আগষ্ট :: মহিলা আৰু শিশু বিকাশ আৰু পৰ্যটন মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অধীনৰ ৮২ নং বংশৰ গাঁও পঞ্চায়তত আয়োজিত অৰুণোদয় ৩.০ৰ অধীনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰা গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানৰ সমান্তৰালভাৱে আজি ৰাজ্যৰ ৩৫০০ ৰো অধিক স্থানত অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নাৰী সবলীকৰণেৰে এখন সবল অসম গঢ় দিয়াৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ কয় যে অৰুণোদয় আঁচনি কেৱল অসমৰ বাবেই নহয়, নাৰীৰ আৰ্থ-সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ বাবেই এক মহৎ নিদৰ্শন। অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৬-২৭ বৰ্ষৰ বাজেটৰ প্ৰথম পুঁজিৰে ৰাজ্যৰ আই-মাতৃসকললৈ অৰুণোদয় আঁচনিৰ ধন আগবঢ়োৱা হৈছে।

তেওঁ কয় যে নাৰী অৰ্থনৈতিকভাৱে শক্তিশালী হ’লেহে সমাজ শক্তিশালী হ’ব। এই কথা অনুধাৱন কৰিয়েই চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এইবাৰ অগ্ৰিম ধন লোৱাৰো ব্যৱস্থা কৰিছে। তেওঁ লগতে কয় যে পূৰ্বে বহু লোক মাইক্ৰ’ ফাইনেন্সৰ ঋণৰ বোজাত দিশহাৰা হ’বলগীয়া হৈছিল। এনে পৰিস্থিতিৰ পুনৰাবৃত্তি ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে অৰুণোদয় আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ ঋণৰ সুবিধা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে, যাতে হিতাধিকাৰীসকল ঋণগ্ৰস্ত হ’বলগীয়া নহয়।

মন্ত্ৰীগৰাকীয়ে শেহতীয়া বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক এইবাৰ বিশেষ সাহায্য হিচাপে ২,৫০০ টকাকৈ প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰে।

অনুষ্ঠানত হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস, কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ প্ৰতিনিধিসকল আৰু ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত আছিল। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ শুৱালকুছি সংহত শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত ১৫ নং পূব ফুলবাৰী পাহাৰ অংগনৱাড়ী কেন্দ্ৰটি মুকলি কৰে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register