চৰকাৰ প্ৰশাসনে নহয়, মন্দিৰা এন,ছিৰ ৰাইজে গাঁঠিৰ ধনেৰে সাজি উলিয়ালে এখন বাঁহৰ সাঁকো।কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত মন্দিৰা এন,ছিৰ পৰা শিমুলতোলা সংযোগী ৰাস্তাত এখন কালভাৰ্টৰ অভাৱত ৰাইজে বছৰ বছৰ ধৰি যাতায়তৰ নামত চৰম দুৰ্ভোগ ভূগিব লগা হৈছিল।
অৱশেষত ৰাইজে উপায়ান্তৰ হৈ গাঁঠিৰ ধনেৰে সাজি উলিয়ালে বাঁহৰ সাঁকো।
স্বাধীনতাৰ ৭৯ বছৰৰ পিছতো সৰ্বদিশতে বঞ্চিত,অৱহেলিত গাঁও খনৰ ৰাইজে বছৰ বছৰ ধৰি চৰকাৰ প্ৰশাসনৰ ওচৰত আবেদন-নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই। অৱশেষত উপায়ান্তৰ হৈ স্থানীয় ৰাইজে গাঁঠিৰ ধনেৰে সাজি উলিয়ালে বাঁহৰ সাঁকো আৰু এইদৰে যাতায়াতৰ বাবে উপযোগী কৰি তুলিছে পথটো। বৰ্তমান এই সাঁকোখন হোৱাত যথেষ্ট সকাহ লাভ কৰিছে ৰাইজে।
অতিশীঘ্ৰে মন্দিৰা এন,ছি পৰা শিমুলতোলা সংযোগী পথত এখন কালভাৰ্ট নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা উন্নত কৰি তুলিবলৈ অঞ্চলবাসী ৰাইজে চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।
সদাব্যস্ত পথচোৱাত এখন কালভাৰ্ট নথকাৰ বাবে চৰম দুৰ্ভোগ ভূগিব লগা হৈছে মন্দিৰা এন,ছি গাঁৱৰ ৰাইজ অৱশেষত গাঁঠিৰ ধন খৰছ কৰি ৰাইজে নিৰ্মাণ কৰিলে এখন বাঁহৰ সাঁকো
