সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন

গুৱাহাটী, ৩০ জুলাইঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ নৱনিৰ্বাচিত ১৯ সংখ্যক কেন্দ্ৰীয় কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।

অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপদেষ্টা শ্ৰীযুত বিৰেন্দ্ৰ চুব্বা ডাঙৰীয়াই সংগঠনৰ ৪৮ জন নৱনিৰ্বাচিত কেন্দ্ৰীয় সদস্যক শপত বাক্য পাঠ কৰায়। এই শপত গ্ৰহণ অনুষ্ঠানত সভাপতি শ্ৰী নোমল ছেত্ৰী, সাধাৰণ সম্পাদক শ্ৰী সোমৰাজ সোনাৰকে ধৰি সকলো নৱনিৰ্বাচিত বিষয়ববীয়াই সংগঠন আৰু সমাজৰ স্বাৰ্থত নিষ্ঠা, সততা আৰু দায়িত্বশীলতাৰে সেৱা আগবঢ়োৱাৰ শপত গ্ৰহণ কৰে।

শপত গ্ৰহণ অনুষ্ঠানৰ পিছত এক মুকলি সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় স্বাস্থ্য মন্ত্ৰী শ্ৰীযুত অশোক সিংঘাল ডাঙৰীয়া আৰু অসমৰ মাননীয় শিক্ষা মন্ত্ৰী শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়া উপস্থিত থাকে।

বিশিষ্ট অতিথি হিচাপে অসম গোৰ্খা সন্মিলনৰ সভাপতি শ্ৰীযুত কৃষ্ণ ভুজেল ডাঙৰীয়া, ভাৰতীয় গোৰ্খা পৰিসংঘৰ সভাপতি শ্ৰীযুত নিত্যানন্দ উপাধ্যায়, নেপালী সাহিত্য সভাৰ সভাপতি শ্ৰীযুত চিন্তামণি শৰ্মা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিসকল, গোৰ্খা সম্প্ৰদায়ৰ বিভিন্ন জাতি-উপজাতীয় সংগঠনৰ সভাপতি-সাধাৰণ সম্পাদকসকল, আগছুৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ সভাপতি-সাধাৰণ সম্পাদক, বিভিন্ন জিলা সমিতিৰ সভাপতি-সাধাৰণ সম্পাদক, কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল, লগতে সংগঠনৰ অসংখ্য শুভাকাংক্ষী উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত অতিথিসকলে নৱনিৰ্বাচিত নেতৃত্বক অভিনন্দন জ্ঞাপন কৰি সংগঠনটোৱে গোৰ্খা সমাজৰ শিক্ষা, ঐক্য, অধিকাৰ সুৰক্ষা, সাংস্কৃতিক বিকাশ আৰু সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত অধিক শক্তিশালী ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদ ব্যক্ত কৰে।

সমগ্ৰ অনুষ্ঠানটো উৎসাহ, শৃংখলা আৰু গৌৰৱময় পৰিৱেশত সফলতাৰে সম্পন্ন হয়।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register