জলজীৱন মিছন আঁচনিয়ে ৰাইজক দিব পৰা নাই বিশুদ্ধ পানী। আন্তঃগাঁথনি উন্নত হৈছে যদিওঁ ৰাইজে সেৱা লাভ কৰা নাই। শৌলমাৰীত আজিলৈকে পোৱা নাই এটোপালো বিশুদ্ধ খোৱা পানী।
চৰকাৰৰ এক অভিলাষী আঁচনি যাৰ প্ৰচাৰ সকলোতে বিদ্যমান। আঁচনিটোৰ জড়িয়তে চৰকাৰে গাঁৱে -ভূৱে, নগৰে-চহৰে ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছ। ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে জলজীৱন মিচন নামেৰে অভিলাষী আঁচনিটো গ্ৰহণ কৰিছে, যাৰ আন্তঃগাঁথনিও যথেষ্ট উন্নত কৰিছে। কিন্তু এই আঁচনিৰ পৰা ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানীও পোৱা নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শৌলমাৰতো। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে যে জল জীৱন মিছন আঁচনিৰ কাম চলি আছে, কৰবাত সমাপ্ত হৈছে। একাংশ অঞ্চলত কাম সম্পন্ন হৈছে যদিওঁ স্থানীয় ৰাইজে পোৱা নাই এটোপাল বিশুদ্ধ খোৱা পানী। ৬-৭ বছৰ পূৰ্বে স্থাপন কৰা পানী যোগান আঁচনিৰ পৰা আজিলৈকে ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানী নোপোৱাৰ অভিযোগ। বঙাইগাঁও জিলাৰ শৌলমাৰীতো আজিলৈকে ৰাইজে পোৱা নাই এটোপাল বিশুদ্ধ খোৱাপানী। একেদৰে নাম্বাৰপাৰা, গোলাপাৰা, চাকলা, কোকিলাতো বহু ঠাইত ঢুকি পোৱা নাই চৰকাৰৰ জলজীৱন মিচন আঁচনি। বিভিন্ন ঠাইত দেখা গৈছে যে নাম মাত্ৰ টেপ বহুৱাই থৈছে যদিওঁ বতাহৰ সোঁতত সেইবোৰ উভালি পৰিছে। চৰকাৰে কোটি কোটি টকা খৰচ কৰি ৰাইজৰ বাবে প্ৰস্তুত কৰা আঁচনিৰ পৰা পৰ্যাপ্ত সুবিধা নোপোৱাৰ বাবে ক্ষোভিত নাম্বাৰপাৰা, শৌলমাৰী, চাকলা, কোকিলাৰ সচেতন ৰাইজ। ইফালে এই আঁচনিৰ নামত যতে ততে ৰাস্তাৰ দাঁতিত খাত খান্দি পাইপ পুতিছে যদিওঁ সেইবোৰ খাতত ভাল দৰে মাটি নিদিয়াৰ বাবে দুটা গাড়ী বিপৰীত ফালৰ পৰা আহিলে পাৰ হওঁতে এটা গাড়ী গাতত পৰাৰও বহু উদাহৰণ আছে। কোনো ঠাইত এটোপাল পানী পোৱাৰ আগতে পাইপ বোৰ ফাটি গৈছে। সম্পুৰ্ণ অবৈজ্ঞানিক ভাৱে ঠিকাদাৰ অভিযন্তাৰ খেয়াল খুচি মতে নিৰ্মাণ কৰিছে পানীযোগান আঁচনিৰ গৃহসমূহ। ইফালে বৃহত্তৰ কোকিলা অঞ্চলত যিহেতু বান পানী হয় যথেষ্ট পৰিমাণে। বানপানীৰ সময়ত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ লাগে প্ৰতিটো পৰিয়ালত। যিবোৰ অঞ্চলত পানী যোগান আঁচনি কেন্দ্ৰ বোৰ আছে কিন্তু বছৰ বছৰ ধৰি বিকল হৈ আছে সেইবোৰ মেৰামতি কৰি পুনৰ আৰম্ভ কৰিলে আৰু যিবোৰ অঞ্চলত আজিওঁ এই আঁচনিয়ে ঢুকি পোৱা নাই সেইবোৰ অঞ্চলত অনতি পলমে কাম আৰম্ভ কৰিলে নিশ্চয় ৰাইজ উপকৃত হব। বৰ্তমান সময়ত অধিকাংশ ৰোগৰ মূল কাৰণ পানী। পানীৰ পৰাই বিভিন্ন বোমাৰ হোৱাৰ কথা ইতি মধ্যে বিজ্ঞানী সকলে স্বীকাৰ কৰিছে। গতিকে এটা পৰিয়াল, এটা গাওঁ, এটা অঞ্চলৰ জনসাধাৰণ সুস্থ থাকিব হলে বা প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্য সুস্থ থাকিবলৈ হলে বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজন আছে। সেয়ে বৃহত্তৰ অঞ্চলৰ সচেতন ৰাইজে চৰকাৰক পানী যোগান আঁচনি বোৰ মেৰামতি কৰি ৰাইজক বিশুদ্ধ খোৱা পানী পোৱাৰ সুযোগ কৰি দিবলৈ আহ্বান জনায় সচেতন ৰাইজে। সমাগত বাৰিষাৰ বতৰ, এনে সময়ত বিভিন্ন অঞ্চলত যিহেতু বানপানীৰ বাবে বিশুদ্ধ খোৱা পানীৰ অভাৱ হয় যথেষ্ট। গাওঁ অঞ্চলত থকা পানী যোগান আঁচনি সমূহ কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰক বিনম্ৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। যদিওঁ দুই এটা কাৰ্যক্ষম হৈ আছে সেইবোৰৰ পৰা পৰ্যাপ্ত পৰিমাণে পানী পোৱা নাই ৰাইজে। বিশুদ্ধ খোৱা পানীৰ অভাৱত বিভিন্ন বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে। যাৰ বাবে জনস্বাস্থ্যৰ প্ৰতি একপ্ৰকাৰ ভাবুকিৰ সৃষ্টি হৈছে।
জলজীৱনৰ পৰা এটুপি জল নোপোৱাৰ অভিযোগ শৌলমাৰী ৰাইজৰ। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি।
