অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজত শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলৰ কাষত সহায়ৰ হাত আগবঢ়াইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)-এ। যোৱা 29 জুলাই তাৰিখে, উদালগুৰি, শোণিতপুৰ আৰু দৰং জিলাৰ কাৰ্যকৰ্তাসকলে উদালগুৰি সংগঠন সম্পাদক মুনি হাঁসৰ নেতৃত্বত শিৱসাগৰ জিলালৈ আহি স্থানীয় কাৰ্যকৰ্তাসকলৰ সৈতে মিলি বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজত বস্ত্ৰ, খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।
এই সাহায্য কাৰ্যসূচীৰ জৰিয়তে বানপীড়িত লোকসকলক কিছু সকাহ দিয়াৰ লগতে সমাজ সেৱাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰা হয়। বিদ্যাৰ্থী পৰিষদৰ স্বেচ্ছাসেৱকসকলৰ এই মানৱীয় পদক্ষেপে সমাজত সহমৰ্মিতা, সহযোগিতা আৰু সেৱাৰ মনোভাৱ শক্তিশালী কৰাৰ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে।
স্থানীয় ৰাইজে এই মানৱীয় প্ৰচেষ্টাক আন্তৰিকভাৱে শলাগ লৈ ভৱিষ্যতেও এনে সমাজসেৱামূলক কাৰ্যসূচী অব্যাহত থাকক বুলি আশা প্ৰকাশ কৰে।
