ৰাজ্যৰ স্বাস্থ্য খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় কেন্সাৰ চেণ্টাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।
কেন্দ্ৰটোত ব্লাড বেংক প্ৰযুক্তিবিদসকলৰ বাবে অনুষ্ঠিত হয় দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰায়োগিক প্ৰশিক্ষণ কাৰ্যসূচী।
এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ব্লাড বেংকৰ সৈতে জড়িত প্ৰযুক্তিবিদসকলক আধুনিক প্ৰযুক্তি, কাৰিকৰী জ্ঞান আৰু ব্যৱহাৰিক দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।
ৰক্ত সংগ্ৰহ, সংৰক্ষণ, পৰীক্ষা আৰু ৰক্ত সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহত প্ৰযুক্তিবিদসকলৰ দক্ষতা অধিক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
বিশেষজ্ঞসকলৰ তত্বাৱধানত অনুষ্ঠিত এই প্ৰায়োগিক প্ৰশিক্ষণে ৰাজ্যখনৰ বিভিন্ন ব্লাড বেংকত কৰ্মৰত প্ৰযুক্তিবিদসকলৰ জ্ঞান আৰু কাৰিকৰী দক্ষতা বৃদ্ধিত সহায়ক হ’ব বুলি আশা কৰা হৈছে।
ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক উন্নত আৰু সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এনে প্ৰশিক্ষণ কাৰ্যসূচীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
