মানুহজনে নিজৰ দেহাৰ কথা চিন্তা নকৰি নিৰন্তৰ কষ্ট কৰিব পাৰে সেয়া আমি বছৰ বছৰ ধৰি দেখি আহিছোঁ । সেইবোৰ কথা এতিয়া ক’বলৈ নাযাওঁ। কিন্তু এটা কথা ভাল লাগিছে, Akhil Gogoi-ক দেখিয়েই আন দুজনমান বিধায়কো বোকা, পানী গচকি মানুহৰ কাষলৈ যাবলৈ বাধ্য হৈছে।
এইযে বিধায়ক হ’লেই সাধাৰণ মানুহৰ পৰা দূৰত্ব বজাই ৰাখে , Appointment লৈহে লগ কৰিব পাৰি এনেধৰণৰ প্ৰথাবোৰ অখিল গগৈয়ে নিঃশেষ কৰি দিছে। সম্পদ কালত সকলো কাষত থাকে কিন্তু মানুহৰ বিদপৰ সময়ত কেনেকৈ মানুহৰ কাষত থিয় দিব লাগে সেই নিদৰ্শন দাঙি ধৰিছে অখিল গগৈয়ে।
বেছি সংখ্যক মানুহেই CM relief fund ক বিশ্বাস কৰা নাই। নকৰে। সেইবোৰ মানুহে অখিল গগৈৰ জৰিয়তে মানুহক সহায় কৰিছে। এচামে মিঞাৰ দালাল, চুমা বাবা বুলি ইতিকিং কৰা মানুহজনৰ হাতত বিনাদ্বিধাই লাখে লাখে টকা তুলি দিছে। সেইবোৰ টকা অখিল গগৈয়ে মানুহৰ মাজত বিলাই দিছে। যদিও সামান্য, এই বিপদত সিয়ো এক ডাঙৰ সকাহ।
অখিল গগৈক দিনে ৰাতিয়ে গালি পাৰি থকা মানুহবোৰ এইকেইদিন নিউজ চেনেল, ফেচবুক ইত্যাদি ইত্যাদিৰ পৰা অন্তৰ্ধান হৈ আছে। কালি ডলাৰ বগৰী সুশান্ত বৰগোঁহাই নামৰ মন্ত্ৰী এজনে মিহিকৈ অভিযোগ এটা আনি কেনেবাকৈ অখিলক বেক ফুটত নিব পাৰি নেকি বুলি ফেচবুক লাইভ এটা কৰিছিল যদিও কমেণ্টত ৰাইজে ধুই দিছে। অখিল গগৈয়ে উত্তৰ দিব লগা হোৱা নাই। ৰাইজেই তাৰ সঠিক উত্তৰ দিছে।
মানুহে মানুহ চিনিব পাৰে বিপদৰ সময়ত। অসমৰ ৰাইজেও বুজি উঠিছে, ‘বিপদৰ বন্ধু’ কোন! অসমবাসীয়ে হয়তো কেতিয়াও নেদেখা এজন অখিল গগৈক দেখিছে আৰু ক’বলৈ বাধ্য হৈছে “আমাক অখিল গগৈৰ দৰে বিধায়ক লাগে।”
সেইবাবেই অখিল গগৈ একক।সেইবাবেই অখিল গগৈ পৃথক।আমাক এনেকুৱা ১২৬ জন অখিল গগৈ লাগে।
