ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ,

## ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ, সন্ধান বিচাৰি পৰিয়ালৰ আকুল আহ্বান

নগাঁও জিলাৰ ৰূপহীহাটৰ ফাকলি গাঁৱৰ ১৩ বছৰীয়া কিশোৰ মোঃ শাহহিল আলী (পিতা: এমামুল হক) প্ৰায় এক সপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত উদ্বেগৰ সৃষ্টি হৈছে।

পৰিয়ালৰ তথ্য অনুসৰি, কিশোৰজন হঠাতে নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা আত্মীয়-স্বজন আৰু বিভিন্ন স্থানত বহু বিচাৰ-খোচাৰ চলোৱা হৈছে। যদিও এতিয়ালৈকে তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই।

যদি কোনো সচেতন ব্যক্তিয়ে মোঃ শাহহিল আলীৰ কোনো তথ্য বা অৱস্থানৰ সন্ধান লাভ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত **৯৭০৭২৩৫১৬৪** অথবা **৭৫৭৭০৬৫১৯৪** নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনোৱা হৈছে।

সচেতন নাগৰিকসকলক এই খবৰ অধিক সংখ্যক লোকৰ মাজলৈ ভাগ-বতৰা কৰি কিশোৰজনক সোনকালে পৰিয়ালৰ কাষলৈ ঘূৰাই অনাত সহায় কৰাৰ আহ্বান জনোৱা হৈছে।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register