শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা, অসম সৌৰভ বঁটাপ্ৰাপক লখিমপুৰ চিয়াজুলিৰ জীয়ৰী ডঃ পূৰবী শইকীয়াক লখিমপুৰ বিশ্ববিদ্যালয়ৰ সঞ্চালনা সমিতি তথা পৰামৰ্শদাতা সমিতিৰ সদস্যৰূপে নিৰ্বাচন ৰাজ্যপালৰ

বিজ্ঞানৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় সৰ্বোচ্চ সন্মান বঁটা শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা আৰু অসম সৌৰভ বঁটাৰে সন্মানিত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা লখিমপুৰ চিয়াজুলিৰ জীয়ৰী ডঃ পূৰবী শইকীয়া লখিমপুৰ বিশ্ববিদ্যালয়ৰ সঞ্চালনা সমিতি তথা পৰামৰ্শদাতা সমিতিৰ সদস্যৰূপে নিৰ্বাচিত হৈছে। তেওঁৰ এই সাফল্যৰ বাবে সমগ্ৰ লখিমপুৰ বাসী ৰাইজৰ লগতে চিয়াজুলি অঞ্চলৰ ৰাইজে শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে, বিজ্ঞানৰ ক্ষেত্ৰখনত বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰি নিজৰ মেধাৰ বলত বিজ্ঞানৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা ডঃ পূৰবী শইকীয়াক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই লখিমপুৰ বিশ্ববিদ্যালয়ৰ সঞ্চালনা সমিতি তথা পৰামৰ্শদাতা সমিতিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত নিৰ্বাচিত কৰি সন্মানিত কৰাত তেওঁৰ পিতৃগৃহ সমগ্ৰ চিয়াজুলি অঞ্চলতে আনন্দৰ বন্যা বৈছে। উল্লেখ্য যে, ডঃ পূৰবী শইকীয়া চিয়াজুলি বাগান গাঁৱৰ প্ৰয়াত চন্দ্ৰেশ্বৰ শইকীয়া আৰু আইধান শইকীয়াৰ কণিষ্ঠ কন্যা ডঃ পূৰবী শইকীয়াই Plant Ecology Biodiversity Conservation and Soil Ecology বিষয়ত গৱেষণা কৰি বিজ্ঞানৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ যুৱ ভাটনাগৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেনেদৰে অসম সৌৰভ বঁটাৰে সন্মানিত অধ্যাপিকা গৰাকীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিজ্ঞান – প্ৰযুক্তিবিদ্যা বিষয়ত বিভিন্ন প্ৰতিবেদন সফলতাৰে উপস্থাপন কৰাৰ সুবাদত লক্ষ্ণৌত অৱস্থিত ‘প্ৰফেচাৰ এইচ, এছ শ্ৰীবাস্তৱ ফাউণ্ডেশ্যন ফৰ ছায়েঞ্চ এণ্ড ছোছাইটী’ য়ে ২০১৮ – ১৯ বৰ্ষৰ যুৱ মহিলা নেতৃত্ব বঁটাৰেও সন্মানিত কৰিছিল।

Leave a Reply

BP NEWS Live
Logo Wednesday, 9 September 2026
Login / Register