খোল বিদ্যাপীঠ, লখিমপুৰৰ উদ্যোগত উত্তৰ লখিমপুৰ ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ১৭ জুলাই, পৰা ৩১ জুলাই লৈকে অনুষ্ঠিত ১৫ দিনীয়া খোলবাদ্য আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ কালি সামৰণি অনুষ্ঠান সম্পন্ন হয়।। খোল বাদ্যত স্নাতকোত্তৰ মনজিৎ শইকীয়া ৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালাত খোল আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণত প্ৰশিক্ষক হিচাবে খোল বাদ্যত মনজিৎ শইকীয়া আৰু নৃত্যত গৌৰাঙ্গ কাশ্যপে প্ৰশিক্ষণ প্ৰদান কৰে । ইয়াৰ সামৰণি অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোহিত হাজৰিকা, লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়, নাওবৈচা কণিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নগেন্দ্ৰ নাথ শৰ্মা, উত্তৰ লখিমপুৰ সাহিত্য সভাৰ সম্পাদক গোলাপ হাজৰিকা, বীৰ লাচিত সেনাৰ মুখপাত্ৰ অজিত বুঢ়াগোহাঁই লগতে লখিমপুৰৰ কেবাজনো বিশিষ্ট সাংস্কৃতিকৱান ব্যক্তি। অনুষ্ঠানত আমন্ত্ৰিত অতিথি শিল্পী হিচাপে আছিল — সৰ্বভাৰতীয় পৰ্যায়ৰ শাস্ত্ৰীয় নৃত্যত সোণৰ পদক লাভ কৰা বিশ্বনাথ চাৰিআলিৰ সত্ৰীয়া নৃত্যৰ শিল্পী পলাশ জ্যোতি কোঁচ। গায়ন বায়ন, খোল বাদন, মাটি আখৰা, কৃষ্ণ নৃত্য ইত্যাদি প্ৰদৰ্শনেৰে লগতে বিশিষ্ঠ ব্যক্তিৰ শুভেচ্ছাভৰা ভাষণেৰে অনুষ্ঠানৰ সৌষ্ঠব বৃদ্ধি কৰে।।
লখিমপুৰৰ উত্তৰ লখিমপুৰ ৰেলৱে হাইস্কুলত ১৫ দিনীয়া খোল বাদন আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি।
